মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ সাংস্কৃতিক পৰিক্ৰমাৰ সঞ্চালকালয়

উত্তৰ-পূৱ মণ্ডল সাংস্কৃতিক কেন্দ্ৰ, ডিমাপুৰৰ অধীনৰ আঁচনিসমূহ

  • গুৰু-শিষ্য পৰম্পৰা আঁচনিখন সংকটৰ গৰাহত পৰা দুষ্প্ৰাপ্য আৰু অস্তমিত কলা-শৈলীসমূহ এজন প্ৰখ্যাত গুৰুৰ অধীনত চাৰিজন শিষ্যই নিজৰ পচন্দৰ শিল্প-কলাবিধৰ ওপৰত প্ৰশিক্ষণ লৈ কলাবিধক সংৰক্ষণ আৰু উত্তৰণ ঘটাবলৈ উত্তৰ-পূৱ মণ্ডল সাংস্কৃতিক কেন্দ্ৰই আঁচনিখন কাৰ্যকৰী কৰি এই অঞ্চলৰ অভিলাষী যুৱচামক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰে। এজন নিৰ্বাচিত গুৰুৱে তেওঁৰ এজন সহযোগী আৰু চাৰিজন শিষ্য নি ম্নোক্ত মাননিৰ ভিত্তিত এবছৰৰ বাবে নিয়োগ কৰিব।

    (ক)

    গুৰু

    টকা

    প্ৰতি মাহে ৭,৫০০ টকা

     

    (খ)

    সহযোগী (এজন)

    টকা

     

    প্ৰতি মাহে ৩,৭৫০ টকা

     

    (গ)

    শিষ্য (চাৰিজন)

    টকা

    প্ৰতি মাহে ১,৫০০ টকা

     

                             

    কাৰ্যকৰীকৰণৰ বাবে নিম্নোক্ত নিয়মাৱলী

    (ক)

    প্ৰশিক্ষণৰ বাবে এডোখৰ ঠাই/কোঠা নিৰ্দ্ধাৰণ কৰিব লাগিব, যিটো প্ৰশিক্ষণ কেন্দ্ৰ হব।

     

    (খ)

    গুৰু-শিষ্য পৰম্পৰা আঁচনি, পোষকতা – উত্তৰ-পূব মণ্ডল সাংস্কৃতিক কেন্দ্ৰ, ডিমাপুৰ, সাংস্কৃতিক মন্ত্ৰ্যালয়, ভাৰত চৰকাৰ, -এনেকৈ লিখা ফলক এখন থাকিব লাগিব।

    (গ)

    প্ৰশিক্ষণৰ সময়-সূচী ফলকত উল্লেখ থাকিব লাগিব।

    (ঘ)

    গুৰুৱে (তেওঁৰ সহযোগীৰ সহায়ত) প্ৰতি মাহৰ ১৫ তাৰিখৰ ভিতৰত উত্তৰ-পূৱ মণ্ডল সাংস্কৃতিক কেন্দ্ৰ পোৱাকৈ কেন্দ্ৰটোৰ অগ্ৰগতিৰ খতিয়ান পঠাব।

     

    (ঙ)

    মাহিলি অগ্ৰগতিৰ খতিয়ান প্ৰতি মাহৰ কেন্দ্ৰত প্ৰশিক্ষণ দিয়া বিষয়/পাঠৰ কথা উল্লেখ থাকিব লাগিব, লগতে ৰেকৰ্ডৰ পৰা কেন্দ্ৰৰ কৰ্মৰাজিৰ ফটো সংলগ্ন কৰিব লাগিব।

    (চ)

    নিজে সুবিধাজনক বুলি বিবেচনা কৰা যিকোনো ঠাইতে প্ৰশিক্ষণ দিব পাৰিব, যদিহে প্ৰতি মাহে অন্ততঃ ১০টা প্ৰশিক্ষণৰ শ্ৰেণীৰ ব্যৱস্থা কৰা হয়।

    (ছ)

    প্ৰশিক্ষণ শেষ হোৱাৰ পাছত গুৰুৱে তেওঁৰ শিষ্যসকলক লৈ উত্তৰ-পূৱ মণ্ডল সাংস্কৃতিক কেন্দ্ৰৰ হৈ ৰাজ্যৰ ৰাজধানী বা ডিমাপুৰত কোনো মাননি নোলোৱাকৈ প্ৰদৰ্শনী পাতিব লাগিব।

     

               

    উত্তৰ-পূৱ ভাৰতৰ প্ৰতিভাবান যুৱ শিল্পীসকলক লোকগীত, নাচ, থিয়েটাৰ আৰু শিল্পীসকলৰ বাবে উত্তৰ পূৱ মণ্ডল সাংস্কৃতিক কেন্দ্ৰ, ডিমাপুৰত Young Talented Artists Award প্ৰৱৰ্তন কৰিছে।

    উক্ত আঁচনিৰ বাবে ৱেবছাইট চাওক – www.nezccindia.in