মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ সাংস্কৃতিক পৰিক্ৰমাৰ সঞ্চালকালয়

পূব সাংস্কৃতিক মণ্ডলৰ অধীনৰ আঁচনি, কলিকতা

    1. যুৱ শিল্পীলৈ সাহাৰ্য্য

      যুৱ শিল্পীলৈ সাহাৰ্য্য:

      এই আঁচনিখন এনে পৰিকল্পনা লৈ প্ৰস্তুত কৰা হৈছে যে যুৱ চামক দেশৰ আন অংশত থকা যুৱ চামক সৃষ্টিশীল সাংস্কৃতিক সংযোগৰ বাবে উদ্বুদ্ধ হৈ আলোচনা-চক্ৰ, বিনিময়, কৰ্মশালা আৰু তেনেকুৱা বিধৰ কৰ্মৰ যোগে ভাৰতৰ সাংস্কৃতিক ঐতিহ্যক সংৰক্ষণ, উন্নত কৰি প্ৰসাৰ আৰু প্ৰচাৰ কৰিব।

      • কৰ্মশালা পতা
      • কৰ্ম সম্পাদনৰ সুযোগ
      • প্ৰশিক্ষণৰ আঁচনি
      • ভাৱ-বিনিময় আৰু আলোচনাচক্ৰ

      যুৱ মেধাৰ আৱিস্কাৰ কৰি তাকে কৰ্ম-সম্পাদনৰ সুযোগ দিবলৈ বুলি ২০১৪-১৫ বৰ্ষত নবোদিত আৰু প্ৰতিভা উত্সৱ বুলি এলানি উত্সৱৰ আয়োজন কৰা হৈছিল। সেই উত্সৱলানিত নাচ, গান, থিয়েটাৰ আৰু লোক কলা আৰু ধ্ৰুপদী কলাৰ বাবে যুৱ শিল্পীসকল আগবাঢ়ি আহিছিল। গুৰু-শিষ্য পৰম্পৰা আঁচনিৰ অধীনত প্ৰায় ১০০ যুৱ শিল্পীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰিছিল।

      যুৱ শিল্পীসকলক উত্সাহিত কৰিবলৈ ২০১৫-১৬ বৰ্ষৰ পৰা পূৰ্বশ্ৰী যুৱ পুৰস্কাৰ আয়োজন কৰা হৈছিল।

      গুৰু-শিষ্য পৰম্পৰা

      গুৰু-শিষ্য পৰম্পৰা:

                  দেশৰ চহকী সাংস্কৃতিক পৰম্পৰা ৰক্ষা কৰিবলৈ এবিধ শক্তিশালী অস্ত্ৰ হল গুৰু-শিষ্য পৰম্পৰাক (গুৰুৰ পৰা শিষ্যলৈ পৰম্পৰা) সংৰক্ষণ আৰু উন্নয়ন কৰা। এই আঁচনিৰ জৰিয়তে EZCCয়ে বেলেগ কলাৰ ধৰণ চিনাক্ত কৰিছে –যত এই আঁচনিসমূহ কাৰ্য্যকৰী হয়। দুষ্প্ৰাপ্য লোক সমাজৰ বাদ্যযন্ত্ৰ আৰু কঠিন ধ্ৰুপদী সংগীত আৰু নাচ, দুষ্প্ৰাপ্য ধ্ৰুপদী বাদ্য, মাৰ্চিয়েল আৰ্ট আৰু মৌখিকভাৱে প্ৰচলিত পৰম্পৰাগত কলাশৈলীক উন্নীতকৰণ। ২০০৬ বৰ্ষত EZCCয়ে গুৰু-শিষ্য পৰম্পৰাৰ উন্মেষ ঘটাই আৰু তাতে ১৪৬বিধ কলা শৈলীৰ ওপৰত প্ৰশিক্ষণ দিয়ে। বিশদভাৱে জানিবলৈ ৱেবছাইট চাওক – www.ezccindia.org