মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ সাংস্কৃতিক পৰিক্ৰমাৰ সঞ্চালকালয়

কলা আৰু সংস্কৃতিৰ সংৰক্ষন আৰু উন্নত কৰণ

ৰাজ্যৰ জাতি আৰু খিলঞ্জীয়া লোকৰ জীৱন ধাৰণ পদ্ধতি আৰু কৃষ্টিৰ সংৰক্ষণ আৰু উন্নীতকৰণ

সঞ্চালকালয়ে ইয়াৰ সাংস্কৃতিক কেন্দ্ৰৰ জৰিয়তে ৰাজ্যৰ পৰম্পৰাগত লোকগীত আৰু নৃত্যসমূহ সংৰক্ষণ আৰু উন্নয়ন কৰিবলৈ (ক)সেই ঠাইৰ সাংস্কৃতিক কেন্দ্ৰত নিয়মিয়াকৈ পৰম্পৰাগত লোকগীত আৰু লোকনৃত্যৰ কৰ্মশালা /অনুষ্ঠান অনুষ্ঠিত কৰি সেই গীত আৰু নৃত্যসমূহ ৰাজ্য আৰু বেলেগ বেলেগ জিলাত প্ৰদৰ্শন কৰি শিল্পীজনালৈ প্ৰমান পত্ৰ প্ৰদান কৰা।

            সঞ্চালকালয়ে এচ.এন.এ, উত্তৰ-পূব খণ্ডৰ সাংস্কৃতিক কেন্দ্ৰ, পূৰ্ব ক্ষেত্ৰ সাংস্কৃতিক কেন্দ্ৰ, ভাৰতীয় সাংস্কৃতিক সম্বন্ধ ক্ষেত্ৰ আদি সন্থাৰ সহযোগত ৰাজ্যৰ বাহিৰত বক্তৃতা আৰু প্ৰদৰ্শনীৰ জৰিয়তে অসমৰ চহকী কৃষ্টিৰ ওপৰত সজাগতাৰ সৃষ্টি কৰা। অখণ্ডতা উন্নীত কৰিবলৈ, গোষ্ঠী সমূহৰ মাজত বন্ধুত্ব বৃদ্ধি কৰিবলৈ, সৌন্দৰ্য্যবোধ, সাংস্কৃতিক ঐতিহ্য ৰক্ষাৰ বাবে সজাগতা আনিবলৈ বে-চৰকাৰী সংগঠন, যুৱ সংঘ, গ্ৰাম্য পুথিভঁৰাল আৰু সাংস্কৃতিক সন্থাসমূহে সাংস্কৃতিক পৰিবেশ সৃষ্টিৰ বাবে এই সঞ্চালকালয়ে সহায় কৰে।