মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ সাংস্কৃতিক পৰিক্ৰমাৰ সঞ্চালকালয়

কাৰ্যাৱলী আৰু লক্ষ্য

  • ৰাজ্যৰ জনগোষ্ঠী আৰু খিলঞ্জীয়া জনজাতিসমূহৰ কৃষ্টিক সংৰক্ষণ আৰু উন্নয়ন
  • পুৰণি স্মৃতিসৌধ আৰু বুৰঞ্জীমূলক স্থানসমূহক আমাৰ অতীতৰ গৌৰৱৰ সৌধ বুলি ৰক্ষণাবেক্ষণ আৰু উন্নয়ন।
  • ৰাজ্যৰ অনন্য সত্ৰীয়া কৃষ্টিক সংৰক্ষণ আৰু উন্নয়ন
  • ৰাজ্যত থকা সঙ্গীত, নাচ, অভিনয়, সুক্ষ্ম কলাৰ প্ৰতিভাবানসকলক বিচাৰি উলিওৱা আৰু সেইবিলাকক উন্নয়ন আৰু প্ৰচাৰৰ বাবে যথোচিত সুযোগ প্ৰদান কৰা।
  • ৰাজ্যৰ জনসাধাৰণৰ মাজত আন ৰাজ্যৰ মানুহৰ সৈতে সাংস্কৃতিক আৰু আৱেগিক ভাৱৰ সৃষ্টি কৰি শান্তিৰ বাণী, ভাতৃত্ব আৰু ৰাষ্ট্ৰীয় ঐক্যৰ সৃষ্টি কৰা
  • ৰাজ্যৰ বিভিন্ন প্ৰকাৰৰ অনন্য বাৰেৰহণীয়া কৃষ্টি-সংস্কৃতিক বিশ্ব দৰবাৰলৈ লৈ যোৱা আৰু ৰাজ্যখনক সংস্কৃতিৰ কেন্দ্ৰবিন্দু বুলি পৰিচিত কৰা।
  • ৰাজ্যৰ বিনোদন উদ্যোগ উন্নয়নৰ বাবে সাংস্কৃতিক মেধাবিলাকক নিয়োগ কৰা আৰু লগে লগে নিযুক্তিকৰণ বৃদ্ধি কৰা
  • ভাৰতৰ সাংস্কৃতিক পৰিবেশত ৰাজ্যখনৰ যিবিলাক সাংস্কৃতিক গুণে উজ্জ্বল বাখৰৰ দৰেকৈ জিলিকি আছে, তেনে সংস্কৃতি মূল্যমানৰ কৃষ্টিসমূহৰ উত্তৰণ ঘটোৱা।
  • মানুহৰ মনত জাতীয় গৌৰৱ সুমুৱাই দিয়া আৰু প্ৰতিজন মানুহকে তেওঁৰ উত্তমখিনি তেওঁৰ কৰ্মৰ পথাৰত বিচৰা মতে খটোৱাৰ বাবে মানুহবিলাকক আগলৈ ঠেলা।
  • ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় মাধ্যমসমূহক ৰাজ্যৰ কৃষ্টিসমূহৰ প্ৰচাৰৰ বাবে কামত লগোৱা। আৰু
  • স্কুলত পঢ়া স্তৰৰ পৰা পৰম্পৰাগত কলা সৃষ্টিৰ মোল বুজাবলৈ লৰা-ছোৱালীৰ মনত ধাৰণাৰ সৃষ্টি কৰা।

এই বিভাগৰ কাৰ্যকৰণ বিষয় বৰ্ণালীখন বহুত বহল – তৃণমূল পৰ্যায়ত সংস্কৃতিৰ বিষয়ে জনজাগৰণৰ পৰা আন্তৰ্জাতিক পৰ্যায়ত সংস্কৃতিৰ উত্তৰণ ঘটোৱা। ৰাজ্যৰ সাংস্কৃতিক ঐতিহ্যক সংৰক্ষণ কৰাৰ আঁচনিৰ পৰা সমসাময়িক সৃষ্টিশীল কলাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ কামো এই বিভাগটোৱে হাতত লৈছে। এই বিভাগৰ উদ্দেশ্য হৈছে মানুহৰ মূল ভেটি স্বৰূপ সাংস্কৃতিক আৰু সৌন্দৰ্য্যবোধ কাৰ্যক্ষম হৈ থাকিবলৈ উপায়সমূহ উদ্ভাৱন আৰু উন্নয়ন কৰা।