মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ সাংস্কৃতিক পৰিক্ৰমাৰ সঞ্চালকালয়

কৰ্ম তালিকা আৰু দায়িত্ব

সাংস্কৃতিক পৰিক্ৰমা সঞ্চালকালয়ৰ কৰ্মৰ ভূমিকা

  • সঞ্চালকালয়ে ইয়াৰ সাংস্কৃতিক কেন্দ্ৰসমূহৰ জৰিয়তে ৰাজ্যখনৰ পৰম্পৰাগত লোক গীত আৰু নৃত্যসমূহক সংৰক্ষণ আৰু প্ৰচাৰ কৰিব এনেধৰণে-(ক) সাংস্কৃতিক কেন্দ্ৰত নিয়মিত চাৰ্টিফিকেট পাঠ্যক্ৰম আয়োজন কৰা আৰু সেই অঞ্চলসমূহৰ থলুৱা নৃত্য- গীত (খ) জিলা আৰু ৰাজ্যিক স্তৰৰ সাংস্কৃতিক কেন্দ্ৰসমূহত এই নৃত্য আৰু গীতৰ কৰ্মশালা/ অনুষঅঠানৰ আয়োজন কৰা (গ) কেন্দ্ৰীয় ভাৱে প্ৰস্তুত কৰা মডিউলৰ ওপৰত ভিত্তি কৰি সচেতনতা বৃদ্ধি কৰাৰ কাৰণে বিভিন্ন দৃষ্টিকোণৰ পৰা অসমৰ সংস্কৃতিৰ জিলাৰ সকলো উচ্চ বিদ্যালয়ত অতিথি বক্তৃতাৰ আয়োজন কৰা।
  • সঞ্চালকালয়ে এচ.এন.এ., উত্তৰ পূব ক্ষেত্ৰ সাংস্কৃতিক কেন্দ্ৰ, পূৰ্ব ক্ষেত্ৰ সাংস্কৃতিক কেন্দ্ৰ, ভাৰতীয় সাংস্কৃতিক সম্বন্ধ ক্ষেত্ৰ, ৰাষ্ট্ৰীয় পৰ্যায়ৰ ব্যক্তিগত সাংস্কৃতিক ন্যাস যেনে- শ্ৰীৰাম ভাৰতীয় কলা কেন্দ্ৰ, চাৰাভাই সাংস্কৃতিক ন্যাস আদিৰ লগত সংলগ্ন হৈ অনুষ্ঠান আৰু বক্তৃতা প্ৰদৰ্শনৰ মাধ্যমেৰে অসমৰ সমৃদ্ধ সংস্কৃতিৰ প্ৰতি সচেতনতা বৃদ্ধি কৰ। ৰাষ্ট্ৰীয় দিৱসসমূহ উদযাপন কৰাৰ বাবে ৰাষ্ট্ৰীয় মেলা, উত্সৱ আৰু অনুষ্ঠানত অংশগ্ৰহণ।
  • একীভূতকৰণ, সাম্প্ৰদায়িক মিত্ৰতা, ৰুচি বিদ্যা, সাংস্কৃতিক ঐতিহ্যৰ প্ৰতি সচেতনতাৰ কাৰণে সঞ্চালকালয়ে বে-চৰকাৰী সংগঠন, যুৱ সংঘ, গ্ৰাম্য পুথিভঁড়াল আৰু সাংস্কৃতিক সংগঠনসমূহক এক সাংস্কৃতিক বাতাবৰণৰ বিস্তাৰ কৰাত সহায় কৰে।
  • সঞ্চালকালয়ে অসমৰ সংস্কৃতিৰ বিশেষকৈ শাস্ত্ৰীয় সংগীত আৰু নৃত্য, পৰম্পৰাগত আৰু লোক সংগীত আৰু নৃত্য আৰু নাটক, চলচ্চিত্ৰ আৰু পুতলা নাচ আদিৰ ক্ষেত্ৰখনত সৰ্বশ্ৰেষ্টসকলক বাৰ্ষিক পুৰষ্কাৰ, পেন্সন আদি বিভিন্ন মাধ্যমৰ জৰিয়তে সন্মানিত কৰে। বিদ্যমান পুৰষ্কাৰৰ মানদণ্ড আৰু পাৰ্থক্য স্পষ্টভাৱে চিহ্নিত কৰা উদাহৰণ স্বৰূপে শংকৰদেৱ বঁটা, বিষ্ণু ৰাভা বঁটা, ফনী শৰ্মা বঁটা, জ্যোতি(শিল্পী দিৱস) বঁটা, অজান পীৰ বঁটা আদি। এই বঁটাসমূহৰ বাৰ্তা আৰু গুৰুত্ব প্ৰচাৰ কৰিবৰ কাৰণে বঁটা বিতৰণী অনুষ্ঠানবোৰ জিলা আৰু মহকুমাৰ মুখ্য কাৰ্য্যালয়বোৰত যিমান দূৰ সম্ভৱ কাৰ্যকৰী হিচাপে আবৰ্তন কৰা হব। চৰকাৰ আৰু মনোৰঞ্জন জগতৰ দ্বাৰা দৰিদ্ৰ আৰু অসুস্থ শিল্পী আৰু কলাকৌশলীসকলক সহায় কৰিবৰ কাৰণে এখন শিল্পী কল্যাণ কোষৰ স্থাপন কৰা হব।
  • তেজপুৰত জ্যোতি ভাৰতীক আধুনিক অসমীয়া সংগীতৰ এক কেন্দ্ৰ হিচাপে উন্নতি কৰা হব যত ঝঅয়োতি আৰু বিষ্ণু ৰাভা সংগীতৰ ওপৰত বিশেষ গুৰুত্ব দিয়াৰ লগতে অসমীয়া ‘আধুনিক’ গীতৰ ইতিহাস আৰু পৰম্পৰাক সংৰক্ষণ আৰু প্ৰচাৰ কৰা হব। কেন্দ্ৰৰ সমল ব্যক্তিসকলে নিয়মিত কাৰ্য্যক্ৰমৰ মাধ্যমেৰে বিদ্যালয়, গ্ৰামীণ সংঘ আৰু সাংস্কৃতিক সংগঠনত বাৰ্ষিক কাৰ্য্যক্ৰম কেলেণ্ডাৰৰ লগতে প্ৰদৰ্শনী আৰু কৰ্মশালা আয়োজিত কৰে। জ্যোতি সংগীতৰ ওপৰত জ্যোতি ভাৰতীত  চাৰ্টিফিকেট পাঠ্যক্ৰমো নিয়মিতভাৱে আয়োজন কৰা হয়। জ্যোতি আৰু বিষ্ণু ৰাভা সংগীতৰ সকলো ৰেকৰ্ডিঙ জ্যোতি ভাৰতীৰ দ্বাৰা প্ৰমাণিত কৰিব লাগে। ৰাজ্যৰ প্ৰত্যেক জিলা মুখ্য কাৰ্য্যালয়ত জ্যোতি ভাৰতীৰ দৰে সংস্থাৰ স্থাপনা কৰিবৰ কাৰণে সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰালয়ৰ দ্বাৰা প্ৰয়াস কৰা হব।
  • ৰাজ্যিক কলা গেলেৰী ৰাজ্যৰ পৰম্পৰাগত আৰু লোক শিল্পৰ প্ৰচাৰ আৰু সংৰক্ষণৰ কেন্দ্ৰ হব। গেলেৰীয়ে মহকুমা, জিলা আৰু ৰাজ্যিক ভিত্তিত নিয়মিতভাৱে প্ৰদৰ্শনীৰ আয়োজন কৰিব। ৰাজ্যিক আৰ্ট আ।ৰু ক্ৰাফ্ট মহাবিদ্যালয়ৰ সহযোগিতাত অসমীয়া শৈলীত মুখা শিল্পৰ প্ৰমাণ পত্ৰ পাঠ্যক্ৰম, পাণ্ডুলিপিৰ চিত্ৰকলাৰ আয়োজন কৰা হব। আৰ্ট গেলেৰীৰ কৰ্তৃপক্ষই ভাৰতীয় কলা পৰম্পৰাৰ উপৰিও আমাৰ থলুৱা পৰম্পৰাগত শৈলী আৰু ডিজাইন সম্পৰ্কে সচেতনতা বিস্তাৰৰ বাবে সাংস্কৃতিক কেন্দ্ৰবোৰত কৰ্মশালা, বক্তৃতা প্ৰদৰ্শন কৰে। ৰাজ্যৰ আৰ্ট গেলেৰীয়ে অসমৰ শিল্পীসকলক উত্সাহিত কৰিবৰ কাৰণে ললিত কলা অকাডেমি আৰু অন্য ব্যক্তিগত গেলেৰীৰ লগত সক্ৰিয়ভাৱে কাম কৰিব। অসমত উত্তৰ পূবৰ কাৰণে ৰাষ্ট্ৰীয় ললিত কলা কেন্দ্ৰৰ স্থাপনা কৰিবৰ কাৰণে কাম কৰিব। গেলেৰীৰ কৰ্তৃপক্ষই ললিত কলা অকাডেমী আৰু অন্য ৰাষ্ট্ৰীয় কলা সংস্থাৰ পৰা ৰাষ্ট্ৰীয় স্তৰত ছাত্ৰবৃত্তি, ফেলশ্বিপ আদি লাভ কৰাত শিল্পীসকলক সহায় কৰিব।
  • সকলো সাংস্কৃতিক কেন্দ্ৰত আনুষ্ঠিত নাটকৰ কৰ্মশালাত প্ৰশিক্ষক হিচাপে সঞ্চালকালয়ৰ  নাটক ৰেপাৰেটৰি গোটৰ এটি ভূমিকা থাকিব। উপ সঞ্চালক(নাটক)এ ৰাজ্যত এখন নাট্য বিদ্যালয় প্ৰতিষ্ঠা কৰিবৰ কাৰণে এক টাস্ক ফোৰ্চৰ নেতৃত্ব কৰিব। ৰাজ্যখনত নাটকৰ কোনো স্বীকৃতিপ্ৰাপ্ত বিদ্যালয় নাইৰ বাবে এই বিদ্যালয়খন অপৰিহাৰ্য আৰু অসম একৰ্ডৰ ধাৰা ৬ৰ অধীনত এটি প্ৰস্তাৱ দিব পৰা যাব। দেশৰ মহানগৰীয় চহৰবোৰত নাটকৰ আয়োজন কৰি ৰাজ্যৰ বাহিৰত অসমীয়া নাটক পৰম্পৰাৰ বিষয়ে সজাগতা বিস্তাৰ কৰিবৰ কাৰণে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ লগত নিয়মিত যওগাযোগ বৃদ্ধি কৰা হব। সঞ্চালকালয়ে ৰাজ্যৰ বাহিৰৰ পৰা নাট্য দলসমূহক আমন্ত্ৰিত কৰি বাৰ্ষিক নাট মহোত্সৱৰ আয়োজন কৰিব। এটি সৰু নাটক কমপ্লেক্স আৰু ৰাজ্যৰ মোবাইল থিয়েটাৰ শিল্প স্থাপনত সহায় প্ৰদানৰ প্ৰস্তাৱসমূহ পৰীক্ষা কৰিব।
  • সঞ্চালকালয়ৰ পুতলা শাখাই পুতলা বনোৱাৰ কৰ্মশালাৰ আয়োজন কৰাৰ ক্ষেত্ৰত নিজৰ কাৰ্যক্ৰম বৃদ্ধি কৰিব। পৰ্যটনস্থল, হোটেল, মনোৰঞ্জন প্লাজা, মাৰ্গৰ সুবিধা অনুসৰি নিয়মিত পুতলা দৰ্শনীৰ ব্যৱস্থা কৰিবৰ কাৰণে পৰ্যটন বিভাগৰ লগত সম্পৰ্ক স্থাপন কৰা হব। সঞ্চালকালয়ে পৰিশোধৰ দাবীত পুতলা দৰ্শনীৰ কাৰণে মুখ্য চহৰবোৰৰ পুতলা দলবোৰৰ উন্নতি কৰিব। বৃদ্ধি হোৱা টি.ভি. প্ৰযোজনাৰ জৰিয়তে পুতলা নাচক জনপ্ৰিয় কৰাৰ কাৰণে দূৰদৰ্শন আৰু ব্যক্তিগত টি.ভি. চেনেলৰ লগত এই শাখাই ঘনিষ্ট যোগাযোগ স্থাপন কৰিব। সঞ্চালকালয়ৰ প্ৰকাশনা আৰু ফটোগ্ৰাফি শাখাই ৰাষ্ট্ৰৰ সাংস্কৃতিক ব্যক্তিত্বৰ এটি ডিৰেকেটৰি প্ৰস্তুত আৰু প্ৰকাশ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব। পৰ্য্যটন বিভাগৰ সহযোগিতাত অসমৰ বিভিন্ন সাংস্কৃতিক দিশত ফটোগ্ৰাফিক পুস্তিকা প্ৰস্তুত কৰিব। সঞ্চালকালয়ৰ প্ৰকাশন শাখা এন.আই.চি.ৰ পৰামৰ্শ মৰ্মে বিভাগৰ এক ৱেবছাইট বনাবৰ কাৰণে অনতিপলমে পদক্ষেপ গ্ৰহণ কৰিব।
  • ৰাজ্যিক সংগীত বিদ্যালয়ে নিজৰ শিক্ষাৰ্থীসকলক ভাৰতীয় শাস্ত্ৰীয় সংগীত আৰু নৃত্যৰ পাঠ্যক্ৰম প্ৰদান কৰাৰ লগতে সত্ৰীয়া সংস্কৃতি আৰু লোক আৰু পৰম্পৰাগত সংগীত আৰু নৃত্যৰ সংৰক্ষণ আৰু প্ৰচাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰে। কলা আৰু ক্ৰাফ্ট কলেজে পৰম্পৰাগত কলা আৰু শিল্প যেনে সাঁচী পেইন্টিঙ, মৃত্শিল্প, বেল ধাতু স্মিথ, চোলাৰ পীঠৰ কাম, বেত আৰু বাঁহৰ কাৰুশিল্পৰ সংৰক্ষণ আৰু প্ৰচাৰৰ ওপৰত নিজৰ পাঠ্যক্ৰম সামগ্ৰীৰ ওপৰত গুৰুত্ব দিব।
  • শিৱসাগৰৰ টাই যাদুঘৰে টাই আহোম আৰু সম্বন্ধিত সংস্কৃতিৰ সংৰক্ষণ, সুৰক্ষা আৰু প্ৰচাৰৰ লগত জড়িত সকলো বিষয়ত নিজৰ কাৰ্যক্ৰমসমূহ ঠিক কৰি লব।