(১) ৰাইজৰ ভালেই ব্যক্তিবিশেষৰ ভাল, ব্যক্তি বিশেষৰ বেয়া হলে ৰাইজৰে বেয়া।
(২) সমাজত মহিলাৰ মৰ্য্যদাও সমান আৰু সমাজত যৌতুক প্ৰথা আৰু জাতিভেদ নাই।
(৩) সাধুতা, নম্ৰতা, স্পষ্টবাদীতা, কৰ্তব্যপৰায়ণতা আতিথেয়তা আদি গুণসমূহক উচ্চ আসন দিয়া হয়।
(৪) লিখিত আইনতকৈ সামাজিক অনুষ্ঠানৰ নিয়ম-নীতিসমূহৰ সমাজত স্থান উচ্চ, যেনে- ৰাইজমেল, কেবাং ইত্যাদি।
(৫) বাস্তৱিক লাভালাভতকৈ ধীশক্তি আৰু সাংস্কৃতিক উন্নয়নত গুৰুত্ব দিয়া হয়।
(৬) সকলোকে সমানে ব্যৱহাৰ কৰা হয়, কোনো এজনো সৰু বা ডাঙৰ নহয়।
(৭) জীৱনৰ প্ৰতিটো খেতপেত সৌন্দৰ্য্যবোধে প্ৰভূত্ব বিস্তাৰ কৰে।
(৮) জাতি, ধৰ্ম, বৰ্ণ, নিৰ্বিশেষে সকলোৱে ভাই ভাই হিচাপে থাকে; বসুবেধ কুটুম্বম পৃথিৱীৰ সকলো মানুহ এটা পৰিয়ালৰ দৰে।
(৯) অনুষ্ঠান হিচাপে ঘৰখন অতি পৱিত্ৰ আৰু এজন ভাল নাগৰিক সৃষ্টিৰ বাবে মূল ভেটি।
(১০) কৃষিয়েই হৈছে মানুহৰ প্ৰধান কৰ্ম। প্ৰকৃতিৰ সমীপত থাকি পৰিবেশ ৰক্ষা কৰাটো এটা বৈশিষ্ট্যপূৰ্ণ কাম।